আৰক্ষীৰ অভিযানত নাওসহ জব্দ ৪৭টাকৈ চোৰাং গৰু, ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ৰাজ্যত নদী পথেদি বাংলাদেশলৈ অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ।

জলেশ্বৰত নাওসহ ৪৭ টাকৈ চোৰাং গৰু জব্দ, ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

জলেশ্বৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ইঞ্জিনচালিত নাওসহ ৪৭ টা গৰু জব্দ কৰে।

জানিব পৰা মতে, চোৰাং সৰবৰাহকাৰীয়ে ইঞ্জিনচালিত নাৱেৰে গৰুভৰ্তি কৰি নদীপথেদি গৈ থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল।

ইয়াৰ পিছতে জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণিময় তামুলীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই নাওসহ ৪৭ টা গৰু জব্দ কৰাৰ লগতে তিনি গৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষী চকীলৈ নিয়ে।

উল্লেখ্য যে, একাংশ গৰু সৰবৰাহকাৰীয়ে আৰক্ষীয়ে নদীপথেদি বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে।

জলেশ্বৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ভাৰতীয় গো সুৰক্ষা আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাত ৩৮৫/২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ছামিদুল ইছলাম, আমিৰ হোছেইন আৰু আফছাৰ-আলীক গ্ৰেপ্তাৰ কৰি আদালতৰ যোগেদি জে’ললৈ প্ৰেৰণ কৰে।