ৰাজ্যত পুনৰ গজৰাজৰ মৃত্যু, বিষক্ৰিয়া হৈ বন্যহস্তীৰ মৃত্যু হোৱাৰ সন্দেহ…

ৰাজ্যত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। গোৱালপাৰাৰ শোলমাৰীৰ গেন্দ্ৰাপাৰা খেতিপথাৰত উদ্ধাৰ এটা মৃত বন্যহস্তী। হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ধান খাই বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ। স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি, শনিবাৰে নিশা খাদ্যৰ সন্ধানত ধাননি পথাৰলৈ ওলাই আহিছিল এটা বন্যহস্তীৰ জাক। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। … Read more

ভয়ংকৰ ঘটনা! বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক…

বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক। হোজাই লংকাৰ জয়সাগৰত সংঘটিত হৈছে এই ঘটনা। ৰবীন্দ্ৰ মজুমদাৰৰ পৰিয়ালে ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা। অসুস্থ লোককেইজনক হোজাইৰ ‘হাম হাস্পতাল’ত ভৰ্তি। অসুস্থ লোককেইজন বিশ্বজিৎ মজুমদাৰ, ঝৰ্ণা মজুমদাৰ, সুজন মজুমদাৰ। অসুস্থ সুমিত্ৰা দাস, মামণি মজুমদাৰ, লক্ষী মজুমদাৰ, পায়েল দাস। কাৰ্বি আংলঙৰ পৰা আলহী হৈ আহিছিল পায়েল আৰু লক্ষী মজুমদাৰ।

আৰক্ষীৰ অভিযানত নাওসহ জব্দ ৪৭টাকৈ চোৰাং গৰু, ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ৰাজ্যত নদী পথেদি বাংলাদেশলৈ অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। জলেশ্বৰত নাওসহ ৪৭ টাকৈ চোৰাং গৰু জব্দ, ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জলেশ্বৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ইঞ্জিনচালিত নাওসহ ৪৭ টা গৰু জব্দ কৰে। জানিব পৰা মতে, চোৰাং সৰবৰাহকাৰীয়ে ইঞ্জিনচালিত নাৱেৰে গৰুভৰ্তি কৰি নদীপথেদি গৈ থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। ইয়াৰ পিছতে জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণিময় তামুলীৰ … Read more

ৰহস্যজনক! কেইবাদিন ধৰি সন্ধানহীন কণমানি সন্তানৰ মাতৃ কলিনা মাৰ্দি, পত্নীক বিচাৰি স্বামীৰ হাহাকাৰ…

এক ৰহস্যজনক ঘটনা। কেইবাদিন ধৰি সন্ধানহীন এগৰাকী কণমানি সন্তানৰ মাতৃ। বঙাইগাঁৱৰ বিজনী বড়োবাজাৰ বগৰীগুৰীৰ সংঘটিত হৈছে মহিলা নিৰুদ্দেশৰ ঘটনা। মহিলাগৰাকী স্থানীয় বাসিন্দা অশোক বাস্কিৰ পত্নী কলিনা মাৰ্দি বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱা ২ অক্টোবৰৰ দিনা ৰাতিপুৱা প্ৰায় ৯.৩০ মানত বজাত নিজ গৃহৰ পৰা ৰহস্যজনকৰভাৱে সন্ধানহীন হয় মহিলাগৰাকী। উল্লেখ্য যে উক্তদিনা অশোক বাস্কি … Read more

পুনৰ ঘোচ কাণ্ড! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লাটমণ্ডল আব্দুল শ্বেখ…

পুনৰ ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এইবাৰ ভিজিলেঞ্চৰ অভিযান চলিল যোৰহাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত। উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হয় এগৰাকী লাটমণ্ডল। যোৰহাট ৰাজহ চক্ৰৰ লাটমণ্ডল আব্দুল শ্বেখক গ্ৰেপ্তাৰ। মাটি সংক্ৰান্তীয় কামৰ বিনিময়ত উৎকোচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ লাট মণ্ডল মােঃ আব্দুল বাকি শ্বেখ। এই সংক্ৰান্তত ভুক্তভােগী লোকজনে দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল … Read more

ভয়ংকৰ ঘটনা! ৰাজপথত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন শিল ভৰ্তি ডাম্পাৰ…

এক ভয়ংকৰ ঘটনা। ৰাজপথত দাওদাওকৈ জ্বলিল এখন শিল ভৰ্তি ডাম্পাৰ। ডবকাৰ শালবাগানত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠিত হৈছে এই ঘটনাটো। পথৰ দাতিত হঠাৎ দাওদাওকৈ জ্বলি উঠিল এখন শিল ভৰ্তি ডাম্পাৰ। জুই লগাৰ পাছতেই স্থানীয় ৰাইজৰ সহযোগত ডবকা আৰক্ষীয়ে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক। অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত ততাতৈয়াকৈ উপস্থিত হৈ নিৰ্বাপন কৰে জুই। কিছু সময়ৰ পাছতেই অগ্নি নিৰ্বাপন কৰা হয় যদিও দুৰ্ঘটনাটিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত পৰিলক্ষিত হয় ব্যাপক যান-জঁটৰ। বৈদ্যুতিক বিজুতিৰ বাবেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা হালধিআটীৰ শুভাংকৰ দেৱনাথৰ মালিকাধীন AS 09 AC … Read more

মহানগৰীত দিন দুপৰতে ডকাইতি, ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত…

মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি ব্যৱসায়িক প্ৰতিষ্ঠানত লুটপাত। গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ জুৰোড তিনিআলিত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।  ৪-৫ জনীয়া ডকাইতৰ দলটোৱে লুটি নিয়ে ব্যৱসায়িক প্ৰতিষ্ঠান। ইনতাজ পাণ চপত সংঘটিত হয় এই ডকাইতি কাণ্ড। জানিব পৰা মতে, ডকাইতৰ দলটোৱে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি প্ৰৱেশ কৰিছিল ব্যৱসায়িক … Read more

মৰ্মান্তিক! পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বনৰীয়া হাতীৰ

নিউজ ডেস্ক। বিগত বিগত ৩-৪ দিন ধৰি ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিদিনে ৰহস্যজনকভাৱে মৃত্যু ঘটিছে বনৰীয়া হাতীৰ। এইবাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যুৰ ঘটনা পােহৰলৈ আহিছে। জানিব পৰা মতে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসম-অৰুণাল সীমান্তৱৰ্তী পথৰ কাষত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বন বিভাগৰ লোকে জানিবলৈ দিয়ামতে, শুকুৰবাৰে নিশা সংঘটিত হৈছে … Read more

ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল যাত্ৰীবাহী উইংগাৰ বাহন

নিউজ ডেস্ক। ধেমাজী জিলাৰ জোনাইৰ লেকুত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী উইংগাৰ বাহন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এটি শিশুসহ ৬ জন লোক। জানিব পৰা মতে, দেওবাৰে দিনৰ প্ৰায় ১১বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। প্ৰত্যক্ষদৰ্শীৰ মতে, AR-01K-6846 নম্বৰৰ উইংগাৰ বাহনখনে ইটানগৰৰ পৰা পাচিঘাট অভিমুখে … Read more

দুঃখবৰ! উত্তৰাখণ্ডৰ হিমস্খলনস্থলীত উদ্ধাৰ অসম কন্যা দীপশিখাৰ মৃতদেহ, মৰণোত্তৰ পৰীক্ষাৰ অন্তত অনা হ’ব স্বগৃহলৈ…

নিউজ ডেস্ক। পৰ্বতাৰোহণ কৰিবলৈ গৈ উত্তৰকাশীৰ পৰ্বত শৃংগত সন্ধানহীন হৈ পৰা অসম কন্যা দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। প্ৰচণ্ড হিমস্খলনত সন্ধানহীন হোৱাৰ ৪ দিন পিছত অৱশেষত উদ্ধাৰ অসমৰ পৰ্বতাৰোহীগৰাকীৰ মৃতদেহ। দীপশিখাৰ লগতে একেলগে উদ্ধাৰ কৰা হৈছে আন জন সতীৰ্থৰো মৃতদেহ। এতিয়ালৈকে হিমস্খলনস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ২৬ জনৰ মৃতদেহ। কিন্তু এতিয়াও সম্ভেদ পোৱা নাই আন ৩ … Read more