ৰহস্যজনক! নৈত উদ্ধাৰ ITBPৰ জোৱানৰ মৃতদেহ উদ্ধাৰ…

এগৰাকী ITBPৰ জোৱানৰ ৰহস্যজনক মৃত্যুকলৈ চাঞ্চল্য। দশমীৰ পুৱা নগাঁৱৰ কলঙত উদ্ধাৰ জোৱানৰ মৃতদেহ। মৃত জোৱানজন পৰবিন্দৰ কুমাৰ নেগী বুলি জানিব পৰা গৈছে। পৰবিন্দৰ নেগী হিমাচল প্ৰদেশৰ বাসিন্দা। অৰুণাচল প্ৰদেশৰ ITBPৰ জোৱান হিচাপে কৰ্মৰত আছিল পৰবিন্দৰ নেগী। নৱমীৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল জোৱানজন। জানিব পৰা মতে, নগাঁৱৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পৰবিন্দৰ নেগী। … Read more

চাঞ্চল্যকৰ! টিউশ্যনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা দশম শ্ৰেণীৰ ছাত্ৰী ছানিয়া সন্ধানহীন, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা। টিউশ্যনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন। হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই ব্ৰাইট ফিউচাৰ একাডেমিৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ছানিয়া বেগমৰ। নিৰুদ্দিষ্ট ছানিয়া বেগম হোজাই মোৰাঝাৰৰ অকচেক পথাৰৰ জামালউদ্দিন নামৰ লোকজনৰ একমাত্ৰ ১৫ বছৰীয়া কন্যা। যোৱা মঙলবাৰে ৰাতিপুৱা … Read more

আৰক্ষীৰ অভিযানত উদ্ধাৰ কেঁকো সাপ, চাৰি সৰবৰাহকাৰীক আটক…

আৰক্ষীৰ অভিযানত উদ্ধাৰ কেঁকো সাপ। বাক্সা জিলাৰ বৰামৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত কেঁকোসাপসহ আটক ৪জন। এক গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুটাকৈ স্থানত বৰমা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি গোস্বামীৰ নেতৃত্বত চলিছিল অভিযান। অভিযানত ৪জন লোকক আটক কৰাৰ লগতে উদ্ধাৰ এডাল কেঁকোসাপ। লগতে আৰক্ষীয়ে জব্দ কৰে এখন নম্বৰবিহীন বাইকৰ লগতে … Read more

চাঞ্চল্যকৰ! পূজা চাবলৈ গৈ সন্ধানহীন দৈব্যজ্যোতি দাস, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা। পূজা চাবলৈ গৈ সন্ধানহীন এগৰাকী যুৱক। জানিব পৰামতে, বাইহাটা চাৰিআলিৰ খেহনিয়াপাৰা গাঁৱৰ ১৮ বছৰীয়া দৈব্যজ্যোতি দাস নামৰ যুৱকজনে যোৱা ৩ অক্টোবৰ সোমবাৰে আবেলি ৪ বজাত পূজা চাম বুলি ঘৰৰ পৰা ওলাই যায়। কিন্তু পূজা চাবলৈ গৈ যুৱকজনে বৰ্তমানলৈ ঘৰলৈ উভতি নহাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল। গুৱাহাটী কামাখ্যা ৰে’লৱে ষ্টেচনত কোনো এজন … Read more

ভয়ংকৰ দুৰ্ঘটনা! উন্মুক্ত ৰে’ললাইন পাৰ হ’ব লওঁতেই ৰে’লে মহতিয়াই নিলে বাহন…

এক ভয়ংকৰ দুৰ্ঘটনা। উন্মুক্ত ৰে’ললাইন পাৰ হ’ব লওঁতেই ৰে’লে মহতিয়াই নিলে চাৰিচকীয়া বাহন ধনশিৰি মহকুমাৰ টেঙানিৰ খোকনগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহনে উন্মুক্ত ৰে’ললাইন পাৰ হ’বলৈ লওঁতেই ৰে’লে মহতিয়াই নিয়ে বাহনখনক। দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়। স্থানীয় ৰাইজে ৰে’ল বিভাগক উক্ত ৰে’ল লাইনটোত এখন ৰে’লগেট স্থাপন … Read more

অসমে হেৰুৱালে এটি সম্ভাৱনাক! মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু

মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু। গীত,নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে। জানিব পৰা মতে, গাৱঁৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি কণ কণ শিশু শিল্পী সকলৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা হৈছিল সাংস্কৃতিক … Read more

শোকাৱহ! পুনৰ বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু…

এক শোকাৱহ ঘটনা। পুনৰ বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু। কোকৰাঝাৰত কচুগাঁৱৰ পেৰিপুৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু। গোঁসাইগাঁও মহকুমাৰ কচুগাঁও বনাঞ্চলৰ ট্ৰাম ৰেঞ্জৰ অধীনত পেৰিপুৰ ফৰেষ্ট ভিলেজত সংঘটিত হয় এই কৰুণ ঘটনাটো। বিদ্যুতৰ তাঁৰ সমূহ জোখতকৈ বেছি তলত ওলমি থকাৰ ফলত তাঁৰৰ সংস্পৰ্শলৈ আহি হাতীটোৰ মৃত্যু হয়। নিশা হাতীৰ এটা জাকে পেৰিপুৰ গাঁৱত প্ৰৱেশ কৰি … Read more

ভয়ংকৰ পথ দুৰ্ঘটনা, সেনাৰ বাহন আৰু চুইফ্ট বাহনৰ মাজত সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা। সেনাৰ বাহন আৰু চুইফ্ট বাহনৰ মাজত সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজন মহানৱমীৰ দিনাই সোণাপুৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনাটো। উজনি দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-11AC-0323 নম্বৰৰ এখন সেনাৰ বাহন আৰু একে দিশেৰে অহা AS01BC6050 নম্বৰৰ এখন চুইফট বাহনৰ মাজত … Read more

মাৰণাস্ত্ৰসহ সেনা-আৰক্ষীৰ জালত তিনি নগা যুবক, 9mm পিষ্টলসহ সজীৱ গুলী জব্দ…

সেনা-আৰক্ষীৰ জালত পৰিছে পিষ্টলসহ তিনিজন নগা যুবক। মেৰাপানী সীমান্তত পিষ্টলসহ তিনি যুৱকক আটক কৰিছে সেনা-আৰক্ষীয়ে। অসম-নাগালেণ্ড সীমান্তৰ আপাৰ মেৰাপানী এলেকাৰ পৰা আছাম ৰাইফলছৰ এটা দলে দুই জাই সজীৱ গুলী, ৯ এম এম পিষ্টলসহ নগা যুৱককেইজনক আটক কৰে। পিষ্টলটোৰ উপৰি অভিযানকাৰী সেনাৰ দলটোৱে ধৃত যুৱককেইজনৰ পৰা আধাৰ কাৰ্ড, এ টি এম কার্ড, ভোটাৰ কার্ড, পাঁচটা ম’বাইল … Read more

চাঞ্চল্যকৰ! বন্ধুৰ জন্মদিনলৈ গৈ সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰ হিমাংশু, নৈৰ পাৰত উদ্ধাৰ চাইকেল…

এক চাঞ্চল্যকৰ ঘটনা। বন্ধুৰ জন্মদিন খাবলৈ গৈ সন্ধানহীন এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ। তিতাবৰৰ চৰাইপানীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ছাত্ৰজন তিতাবৰ চৰাইপানীৰ হিমাংশু গগৈ বুলি জানিব পৰা গৈছে। শ্ৰীশ্ৰীকমলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল সন্ধানহীন হিমাংশু গগৈ। ছাত্ৰজন শুকুৰবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে … Read more