ভয়ংকৰ পথ দুৰ্ঘটনা, সেনাৰ বাহন আৰু চুইফ্ট বাহনৰ মাজত সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

সেনাৰ বাহন আৰু চুইফ্ট বাহনৰ মাজত সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজন

মহানৱমীৰ দিনাই সোণাপুৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত সংঘটিত হয় এই দুৰ্ঘটনাটো।

উজনি দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS-11AC-0323 নম্বৰৰ এখন সেনাৰ বাহন আৰু একে দিশেৰে অহা AS01BC6050 নম্বৰৰ এখন চুইফট বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চুইফট বাহনখনৰ চালক আৰু এগৰাকী মহিলা।

আহত দুয়োজনকে ততাতৈয়াকৈ সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উক্ত পথটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাহন দুখন নিজৰ জিম্মাত লয়।