শােকাৱহ! দুৰ্ঘটনাত পতিত তীব্ৰবেগী বাহন, থিতাতে মৃত্যু পিতৃহাৰা শিশুৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছৰ মূঢ়াত প্ৰচণ্ড খুন্দা ব্যক্তিগত চাৰিচকীয়া বাহনৰ।

গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰীৰ আমিনকাটাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

জানিব পৰা মতে, AS 19R 2778 নম্বৰৰ চাৰিচকীয়া বাহনখনে ভাওৰাগুৰীৰ পৰা ধুবুৰী অভিমুখে গৈ থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাত গাড়ীখনত থকা ভাওৰাগুৰীৰ আহমেদপুৰৰ প্ৰয়াত মতিউৰ ৰহমানৰ পুত্ৰ ৩ বছৰীয়া মেটাবুল মিন ৰাহাত নামৰ শিশুটিৰ মৃত্যু ঘটে।

আহত আন দুজন ভাওৰাগুৰীৰ আহমেদপুৰৰ মুস্তাফা আহমেদ (৩৩) আৰু ৰশ্মি চুলতান (৩০) কোকৰাঝাৰ এম আৰ এম হস্পিতালত চিকিৎসাধীন হৈ আছে।

ঘটনাস্থলীত ভাওৰাগুৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন আৰু মৃতদেহ ভাওৰাগুৰী আৰক্ষী চকীলৈ লৈ আনে।