ভয়ংকৰ দুৰ্ঘটনা! চলন্ত অৱস্থাত খুলি পৰিল ডাম্পাৰৰ চকা, ডাম্পাৰে প্ৰাণ কাঢ়ি নিলে ৬੦ বছৰীয়া বৃদ্ধৰ

ভয়ংকৰ দুৰ্ঘটনা! চলন্ত অৱস্থাত খুলি পৰিল ডাম্পাৰৰ চকা, ডাম্পাৰে প্ৰাণ কাঢ়ি নিলে ৬੦ বছৰীয়া বৃদ্ধৰ

September 2, 2022 Off By NEWS DESK

তিনিচুকীয়া জিলাৰ ঢলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

চলন্ত অৱস্থাতে ডাম্পাৰৰ পৰা বিচ্ছিন্ন হৈ পৰিল চকা।

চকা খুলি যোৱাৰ ফলতে ডাম্পাৰে মহতিয়াই নিয়ে এজন ৬০ বছৰীয়া লোকক।

মৃত লোকজন ধাদুমৰ মাথো সোণোৱাল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তেজনাই বিৰাজ কৰে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰঞ্জিতা গগৈ নামৰ এগৰাকী মহিলাও।

দুৰ্ঘটনা সংঘটিত হোৱা ডাম্পাৰখনৰ নম্বৰ এএছ২৩চি চি৭৬৯১।

উল্লেখ্য যে ডাম্পাৰৰ যান্ত্ৰিক বিজুতিৰ লগতে একাংশ উদণ্ড চালকৰ বাবে সঘনাই অঞ্চলটােত দুৰ্ঘটনা সংঘটিত হৈ আহিছে।