মৰ্মান্তিক! পুনৰ কৰ্ম সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক

নিউজ ডেস্ক। পুনৰ কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হ’ল অসমৰ যুৱক।

বিগত ৪ দিন ধৰি কেৰেলাত সন্ধানহীন হৈ আছে ইছশ্ৰাফুল হক নামৰ যুৱকজন।

এই যুৱকজনৰ ঘৰ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি গাঁৱত।

স্থানীয় আব্দুল ৰেজ্জাকৰ পুত্ৰ ইছশ্ৰাফুল হক একসপ্তাহ পূৰ্বে গাঁৱৰেই কেইজনমান যুৱকৰ লগত কামৰ সন্ধানত কেৰেলালৈ গৈছিল।

সোমবাৰে যুৱকজন কেৰেলাৰ আলুৱা ৰেলৱে ষ্টেচন পোৱাৰ পিছতে এক চক্ৰই যুৱকজনক কাম দিয়াৰ প্ৰলোভন দি অন্য ঠাইলৈ লৈ যায়।

তাৰ পিছৰ পৰাই যুৱকজন সন্ধানহীন হৈ আছে। পৰিয়ালৰৰ লোকে ইতিমধ্যে বটদ্ৰৱা থানত উক্ত বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

অতিকে দৰিদ্ৰ পৰিয়ালৰ যুৱকজন এনেদৰে হঠাৎ সন্ধানহীন হোৱাৰ খবৰে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

কোনো সদাশয় ব্যক্তিয়ে ইছশ্ৰাফুল হকৰ কিবা সম্ভেদ পালে 6003824025 অথবা বটদ্ৰৱা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহব্বান জনাইছে।

Leave a Comment