এইবাৰ আফিংসহ গাঁও বুঢ়াক আটক আৰক্ষীৰ

এইবাৰ আফিংসহ গাঁও বুঢ়াক আটক আৰক্ষীৰ

September 3, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এইবাৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত পৰিল এগৰাকী গাঁও বুঢ়া।

পুৱতি নিশা চাৰি লক্ষাধিক টকা মূল্যৰ আফিংসহ গাঁও প্রধানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গােপন সূত্ৰৰ পম খেদি, কামৰূপ জিলাৰ ৰঙিয়াৰ বঢ়মপুৰ হাটবজালীত চলা আৰক্ষীৰ এই অভিযানত বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁও বুঢ়া ধৰেশ্বৰ কলিতা ওৰফে ধনক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত গাঁও প্ৰধানৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১ কেজি আফিং।