মৰ্মান্তিক! অসুস্থ ভতিজাকক লৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনাত থিতাতে নিহত একে পৰিয়ালৰ ৩ সদস্য

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

পৰিয়ালৰ সদস্যক চিকিৎসালয়ৰ পৰা ঘৰলৈ নি থকা অৱস্থাত দুৰ্ঘটনাত প্ৰাণ গ’ল একে পৰিয়ালৰ ৩ সদস্যৰ।

এই দুৰ্ঘটনা সংঘটিত হ’ল বিশ্বনাথ জিলাৰ চতিয়াৰ গেৰেকীতৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত।

নিহতকেইজনৰ ঘৰ চতিয়াৰ পুৰণি চেণ্টাৰত।

জানিব পৰা মতে, এবছৰীয়া ভতিজা জয়েবক চিকিৎসা কৰাই এ এছ ০৬ জে ১৮০৯ নম্বৰৰ আই-২০ বাহনেৰে ঘৰলৈ উভতি অহাৰ পথত চতিয়াৰ গেৰেকীৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্রাকে সন্মুখৰ পৰা খুন্দা মৰাত এই দুর্ঘটনা সংঘটিত হয়।

ইতিমধ্যে দুৰ্ঘটনাত তচিব ৰহমান (৩৫), তচিব ৰহমানৰ ভতিজা জায়েব (১) আৰু ভাই বোৱাৰী বিউতি খাতুন (৩০)নিহত হৈছে।

এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত তচিবৰ পত্নী তবছুম খাতুনক আৰু নিহত সকলোকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তচিব ৰহমান, তচিবৰ ভাই বোৱাৰী আৰু ভতিজাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে আৰু ইফালে মৃত তচিবৰ পত্নীক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে ট্ৰাকৰ চালকজনে পলায়ন কৰিছ। দুৰ্ঘটনা সংঘটিত হোৱা আই-২০খনৰ নম্বৰ হৈছে এএছ ০৬ জে ১৮০৯ আৰু মালবাহী ট্ৰাকৰ নম্বৰ হৈছে এএছ ২২ চি ১৬৬৮।

Leave a Comment