শােকাৱহ! দােকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথত স্কুটীৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ কিশােৰৰ

শােকাৱহ! দােকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথত স্কুটীৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ কিশােৰৰ

September 3, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ খুড়াকৰ দােকান বন্ধ কৰি পদব্ৰজে ঘৰলৈ যােৱাৰ পথত এখন স্কুটীৰ খুন্দাত প্ৰাণ গ’ল ১৫ বছৰীয়া কিশােৰ অজয় ছেত্ৰীৰ।

এই দুৰ্ঘটনা শুকুৰবাৰে নিশা বোকাখাতৰ ডিফলু পথত সংঘটিত হয় ।

নিহত অজয় ছেত্ৰী নামৰ কিশোৰ বোকাখাত ম’হমাইকী গাঁৱৰ বাসিন্দা।

বোকাখাত ডিফলু পথৰ ৰামকৃষ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

ইতিমধ্যে বোকাখাত আৰক্ষীয়ে নম্বৰ প্লেটবিহীন বেটাৰী চালিত স্কুটীখন জব্দ কৰিছে।

সংকটজনক অৱস্থাত কিশােৰজনক সমীপৱৰ্তী বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় অজয় ছেত্ৰীৰ।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শােকৰ ছাঁ পেলাইছে।