
ৰক্ষকেই ভক্ষক! ভাৰাতীয়া চােৰেৰে ১২ লক্ষাধিক টকাৰ ম’বাইল চুৰি কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জােৱান
September 3, 2022নিউজ ডেস্ক। বিভিন্ন সময়ত চুৰি-ডকাইতিৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে একাংশ অসাধু আৰক্ষীৰ লােক জড়িত হৈ থকা বুলি অভিযােগ উত্থাপিত হৈ আহিছে।
তেনে অভিযােগকে সত্য প্ৰমাণিত কৰি ভাৰাতীয়া চােৰৰ জৰিয়তে ম’বাইল প্ৰতিষ্ঠানত চুৰি কাৰ্য সংঘটিত কৰি এগৰাকী গৃহৰক্ষী জােৱান গ্ৰেপ্তাৰ হ’বলগা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষী থানাৰ অধীনৰ মিৰ্জাৰ বজাৰ এলেকাত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৃহৰক্ষী জােৱানজন পলাশবাৰী থানাৰ মাণিক আলী বুলি জানিব পৰা গৈছে।
চিচিটিভিত বন্দী চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্যৰ ভিত্তিতে এই ঘটনা ফাদিল হৈছে।
ভাৰাতীয়া চোৰৰ সহায়ত আৰক্ষী জোৱানজনে মিৰ্জা ইলেক্ট্ৰ’নিকছ্ নামৰ দোকানত সংঘটিত কৰিলে এই দুষ্কাৰ্য।
ভাৰাতীয়া চোৰৰ সহায়ত চুৰি কৰি লৈ গ’ল প্ৰায় ১২লাখ টকাৰ ম’বাইল ফোন।
ভাৰাতীয়া চোৰে দোকানৰ ভিতৰত চুৰি কৰি থকা সময়ত বাহিৰত পোহৰা দি আছিল গৃহৰক্ষী জোৱানজন।
চুৰিকাৰ্য সম্পাদন হোৱাৰ পিছতে দোকানৰ সন্মুখত ম’বাইল ভাগ-বটৰা ভাৰাতীয়া চোৰ আৰু গৃহৰক্ষী জোৱানৰ।
ঘটনাৰ পিছতে দোকানৰ স্বত্বাধিকাৰী নিৰঞ্জন মহন্তই পলাশবাৰী থানাত ৰুজু কৰে এক গোচৰ।
স্বাত্বাধিকাৰীৰ গোচৰৰ ভিত্তিত গৃহৰক্ষী জোৱান মাণিক আলীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ।
বৰ্তমানেও পলাশবাৰী আক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ভাৰাতীয়া চোৰ আৰু উদ্ধাৰ কৰিব পৰা নাই চুৰি সামগ্ৰী।