বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত সন্ধানহীন সপ্তম শ্ৰেণীৰ ছাত্ৰী শিল্পা হাজৰিকা

নিউজ ডেস্ক। বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী ৰহস্যজনকভাৱে সন্ধানহীন হােৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যােৰহাট জিলাৰ তিতাবৰত৷

নিৰুদ্দিষ্ট ছাত্ৰীগৰাকী নাম শিল্পা হাজৰিকা৷

স্থানীয় শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়নৰত ৷

জানিব পৰা মতে, তিতাবৰৰ নগাবাট অভয়পুৰীয়াৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী শিল্পা হাজৰিকাই প্ৰতিদিনৰ দৰেই যোৱা ২ ছেপ্টেম্বৰত বিদ্যালয়লৈ গৈছিল।

কিন্তু ৰহস্যজনকভাৱে বিদ্যালয় ছুটী হোৱাৰ পাছতো ঘৰলৈ উভতি নাহে ছাত্ৰীগৰাকী ৷

পৰিয়াল আৰু আত্মীয়ই বিভিন্ন ঠাইত ছাত্ৰীগৰাকীৰ সন্ধান বিচাৰি খা-খবৰ কৰে যদিও কোনো সন্ধান নাপায়৷

ইয়াৰ পিছতে যােৱা ৩ ছেপ্টেম্বৰত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে পানীখেতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷

আৰক্ষীয়ে এই সন্দৰ্ভত এক গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বর্তমানও কোনো শুংসূত্ৰ নাই ছাত্ৰীগৰাকীৰ৷

Leave a Comment