ভয়ংকৰ ঘটনা! পত্নী, ১১ বছৰীয়া কন্যাক নৃশংস হত্যা আছাম ৰাইফলছৰ জােৱানৰ, গ্ৰেপ্তাৰ

ভয়ংকৰ ঘটনা! পত্নী, ১১ বছৰীয়া কন্যাক নৃশংস হত্যা আছাম ৰাইফলছৰ জােৱানৰ, গ্ৰেপ্তাৰ

September 4, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি।

নিজৰ পত্নীৰ লগতে ১১ বছৰীয়া কন্যা সন্তানক ডিঙি ৰেপি হত্যা এগৰাকী আছাম ৰাইফলছৰ জােৱানৰ।

এই শিহৰণকাৰী ঘটনা সংঘটিত হ’ল শিলচৰৰ শ্ৰীকোণাস্থিত অসম ৰাইফলছৰ কেম্পত।

আছাম ৰাইফলছ জােৱান নায়ক ৰবীন্দ্ৰ কুমাৰে কেম্পৰ চৌহদত পত্নী মণিকা ডোগ্ৰা আৰু কন্যা ৰিদ্ধিক হত্যা কৰি কেম্পৰ বাহিৰত মৃতদেহ পেলাই থৈ পলায়ন কৰে।

ঘটনা প্রত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে ম’বাইল নম্বৰৰ ভিত্তিত অনুসন্ধান চলাই গ্রেপ্তাৰ কৰে ৰবীন্দ্ৰ কুমাৰক।

আৰক্ষীৰ জেৰাত ৰবীন্দ্ৰ কুমাৰে পত্নী আৰু কন্যাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

হত্যাকাৰী ৰবীন্দ্ৰই আৰক্ষীক জনাই যে ধনী পৰিয়ালৰ কন্যা মণিকাই ৰবীন্দ্ৰৰ স’তে আৰ্থিক কাৰণত কাজিয়াত লিপ্ত হয়।

নিশাৰ পৰা চলা সংঘাতৰ পৰিণতিতে শনিবাৰে দিনৰ ভাগত ভয়ানক ৰূপ ধাৰণ কৰে। ঘৰত থকা দাৰে তেওঁ পত্নীক ঘপিয়াবলৈ চেষ্টা কৰে। কিন্তু দাৰ ঘাপে কন্যাকহে আঘাত কৰে।

লগে লগে থিতাতে নিহত হয় ১১ বছৰীয়া জীয়ৰী ৰিদ্ধি।

পিচত পত্নীক ডিঙি কাটি হত্যা কৰে ৰবীন্দ্ৰই।

আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

কন্যা-পত্নীৰ হত্যাকাৰী জােৱান ৰবীন্দ্ৰ কুমাৰৰ জম্মু-কাশ্মীৰৰ বাসিন্দা।