ভয়ংকৰ দুৰ্ঘটনা! পথৰ ওপৰত ৰখাই থােৱা ট্ৰাকত প্ৰচণ্ড খুন্দা আন এখন ট্ৰাকৰ, চালকসহ নিহত ৩জন

নিউজ ডেস্ক। নগাওঁ জিলাৰ ৰহাৰ বগৰীগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দেওবাৰে পুৱতি নিশা পথৰ ওপৰতে ৰখাই থােৱা ট্ৰাকত আন এখন ট্ৰাকে প্ৰচণ্ড জােৰে খুন্দিওৱাৰ ফলতে প্ৰাণ গ’ল ৩ জন লােকৰ, গুৰুতৰভাৱে আহত হয় দুজন।

জানিব পৰা মতে, বগৰীগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকক (RJ-23E-0089) গুৱাহাটী-নগাঁও অভিমুখী আন এখন ট্ৰাকে (AS-25DC-9039) পাছফালৰ পৰা প্ৰচণ্ড জােৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত ট্ৰাকৰ চালকৰ লগতে ট্ৰাকখন মেৰামতি কৰি থকা দুজন শ্ৰমিকৰ থিতাতে মৃত্যু ঘটে।

জানিব পৰা মতে, ট্ৰাকখন যান্ত্ৰিক বিজুতিৰ বাবে পথৰ ওপৰতে ৰখাই মেৰামতিৰ কাম কৰি আছিল দুই শ্ৰমিকে।

এই দুৰ্ঘটনাত আন দুজন শ্ৰমিকাে আহত হয় বুলি জানিব পৰা গৈছে।

আহত শ্ৰমিককেইজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Leave a Comment