
অতি শোকাৱহ! বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ আৰু সন্তানসহ ৪ জনৰ মৃত্যু…
September 5, 2022এক অতি শোকাৱহ ঘটনা।
বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ আৰু সন্তানসহ ৪ জনৰ মৃত্যু।
হাইলাকান্দিৰ বিলাইপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
বিদ্যুতৰ চিঙা তাঁৰত লাগি মৃত্যু হয় আটাইকেইজনৰে।
নিহত সকলৰ ভিতৰত আছে এটি ৪ বছৰীয়া শিশু।
মৃত শিশুটিৰ নাম ৰাজিবুল হুছেইন শ্বেইখ।
আনহাতে পিতৃ ছুফিয়ান হুছেইন আৰু মাতৃ হুছনাৰা বেগমৰো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।
আনহাতে জাহিদ হুছেইন শ্বেইখ নামৰ এজন প্ৰতিবেশীও কৰুণ মৃত্যুক সাৱটি লয়।