অবৈধ গৰু কঢ়িওৱা বাহনৰ পৰা ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত তিনিজনীয়া গেং…

অবৈধ গৰু কঢ়িওৱা বাহনৰ পৰা ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত তিনিজনীয়া গেং…

September 5, 2022 Off By NEWS DESK

অবৈধ গৰু কঢ়িওৱা বাহনৰ পৰা ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত তিনিজনীয়া গেং।

সোণাপুৰ আৰক্ষীৰ জালত অবৈধ গৰু কঢ়িওৱা বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰা তিনিজনীয়া গেং।

ধৃত তিনিজন সোণাপুৰ কচুতলিৰ ৰিয়াজুল কৰিম, চামতাপথাৰৰ চাহিজুল আলী আৰু সোণাপুৰ পথাৰৰ আব্দুল আজিজ।

এএছ ১২ৱাই ২৫৩৮ নম্বৰৰ এখন ছুইফট বাহনত আছিল তিনিওজন যুৱক।

এই অবৈধ ধন সংগ্ৰহ কৰা কাৰ্যৰ লগত এটা ৱেব প’ৰ্টেলৰ সোণাপুৰৰ এজন স্থায়ী সংবাদিক আৰু আবু তাহেৰ নামৰ এজন লোক জড়িত থকা বুলি আটকাধীন যুৱককেইজনে স্বীকাৰোক্তি দিয়ে।

ইতিমধ্যে যুৱক তিনিজনক জে’ললৈ প্ৰেৰণ কৰি সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।