ক’লৈ গ’ল বোৱাৰী নিতুমণি চেতিয়া দুৱৰা? মাতৃক বিচাৰি কণমানি কন্যাৰ হাহাকাৰ…

ক’লৈ গ’ল বোৱাৰী নিতুমণি চেতিয়া দুৱৰা? মাতৃক বিচাৰি কণমানি কন্যাৰ হাহাকাৰ…

September 5, 2022 Off By NEWS DESK

এগৰাকী বোৱাৰী সন্ধানহীন হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে আমগুৰিত।

১ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন ডুমডুমা কাকপথাৰৰ ডিৰাক আমগুৰি ন-গাঁৱৰ এগৰাকী ২৭ বছৰীয়া মহিলা।

সন্ধানহীন মহিলাগৰাকী কাকপথাৰ ডিৰাক আমগুৰি ন-গাঁৱৰ ২৭ বছৰীয়া নিতুমণি চেতিয়া দুৱাৰা।

২৭ বছৰীয়া নিতুমণি চেতিয়া দুৱাৰা এগৰাকী কণমানি কন্যা সন্তানৰ মাতৃ।

উল্লেখ্য যে, যোৱা ১ ছেপ্তেম্বৰ তাৰিখে কাকপথাৰ গ্ৰামীন বিকাশ বেংকলৈ বুলি যোৱাৰে পৰা সন্ধানহীন হৈ থকা বুলি জানিবলৈ দিয়ে মহিলাগৰাকীৰ স্বামী সুভেশ্বৰ দুৱাৰাই।

কোনো সদাসয় লোকে মহিলাগৰাকীৰ কোনো সম্ভেদ পালে 88119-08651 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

আনহাতে, ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে কাকপথাৰ আৰক্ষী থানাত এখন লিখিত অভিযোগ দাখিল কৰিছে।