কেকোসাপ সহ আৰক্ষীৰ জালত দুই চোৰাং বেপাৰী…

কেকোসাপ সহ আৰক্ষীৰ জালত দুই চোৰাং বেপাৰী…

September 5, 2022 Off By NEWS DESK

কেকোসাপ সহ আৰক্ষীৰ জালত দুই চোৰাং বেপাৰী।

ছৈখোৱাৰ বৰলুইতৰ বালি চাপৰিত অৱস্থিত গুলজাৰ বস্তি গাঁৱৰ পৰা দুটা চোৰাং বেপাৰীসহ এটা তিনিশ গ্ৰাম ওজনৰ ‘কেকোসাপ’ জব্দ কৰে আৰক্ষীয়ে।

পিচত ছৈখোৱা আৰক্ষীয়ে কেকোসাপ সহ চোৰাং বেপাৰী দুটাক বন বিভাগক চমজাই দিয়ে বুলি জানিব পৰা গৈছে।

অমৰপুৰৰ চাৰা পাংগিং আৰু ধেমাজি জিলাৰ জোনাইৰ তুলাৰাম তাক্ৰু নামৰ চোৰাং বেপাৰী দুটাই কেকোসাপটো ধৰি ছৈখোৱা অঞ্চলৰ অজিত চৰকাৰ নামৰ এজন লোকৰ সৈতে আঠ লাখ টকাত দৰদাম কৰি বিক্ৰী কৰিবলৈ আনিছিল৷

কিন্তু ছৈখোৱাঘাট থানাৰ আৰক্ষীয়ে নিদিষ্ট খবৰৰ ভিত্তিত চোৰাং বেপাৰীকেইটাক কেকোসাপটোৰ সৈতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ইপিনে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংৰক্ষণৰ দায়িত্বত থকা আৰু উদ্যানৰ বাফাৰ জ’নত উদ্ধাৰ হোৱা দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো চমজি উপযুক্ত চিকিৎসা কৰোৱাই বনাঞ্চলত এৰি দিয়াৰ দায়িত্ব এৰুৱাই বন বিভাগৰ হাতত বন্যপ্ৰাণীটো এৰি অহা বিষয়টোৱে চৰ্চা লাভ কৰিছে।