বিশিষ্ট চিকিৎসক ডাঃ বসন্ত শইকীয়াৰ দেহাৱসান…

বিশিষ্ট চিকিৎসক ডাঃ বসন্ত শইকীয়াৰ দেহাৱসান…

September 5, 2022 Off By NEWS DESK

বিশিষ্ট চিকিৎসক ডাঃ বসন্ত শইকীয়াৰ দেহাৱসান ৷

সোমবাৰে পুৱতি নিশা ডাঃ শইকীয়াই শেষ নিশ্বাস ত্যাগ কৰে।

গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পুৱতি নিশা প্ৰায় ৪-৩০ বজাত মৃত্যুক সাৱতি লয় ডাঃ শইকীয়াই।

মৃত্যুৰ সময়ত ডাঃ বসন্ত শইকীয়াৰ বয়স আছিল ৯৫ বছৰ।

নগাঁও চহৰৰ আমোলাপট্টিৰ নিবাসী ডাঃ শইকীয়াই মৃত্যুৰ সময়ত পুত্ৰ, কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে৷

চিকিৎসক ডাঃ শইকীয়াই নিজৰ দেহ চিকিৎসা সেৱাৰ উত্তৰণ বাবে দান দি থৈ গৈছে ৷

চিকিৎসকজনৰ মৃতদেহটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ দান দিয়া হ’ব।

জানিব পৰা মতে পৰিয়ালৰ লোকে ডাঃ শইকীয়াৰ মৃতদেহ দুপৰ ভাগত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হাতত অৰ্পন কৰিব।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ডাঃ শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।