শোকাৱহ! শিক্ষক দিৱসৰ দিনাই শিক্ষকে শেষ কৰিলে নিজৰ জীৱন…

শিক্ষক দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হ’ল এক অপ্ৰত্যাশিত ঘটনা।

শিক্ষক দিৱসৰ দিনাই আত্মহত্যা দৰে চূড়ান্ত সিদ্ধান্ত ল’লে এগৰাকী শিক্ষকে।

গোগামুখৰ বৰদলনিত ৰাজেন বণিয়া নামৰ শিক্ষক গৰাকীয়ে লয় আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ।

দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা ৰাজেন বণিয়াই অৱশেষত ল’বলৈ বাধ্য হয় এই সিদ্ধান্ত।

৫০৩ নং আউনীআটি কৈৱৰ্ত নিম্ন বিনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল ৰাজেন বণিয়া।

ৰাজেন বণিয়াই শিক্ষকতা কৰা বিদ্যালয় খন স্বাধীনতাৰ পূৰ্বেই স্থাপন কৰা হৈছিল যদিও আজি পৰ্যন্ত প্ৰাদেশীকৃত নহ’ল।

বিদ্যালয় খনৰ প্ৰাদেশীকীকৰণ নোহোৱাৰ বাবেই শিক্ষক জনে এনে চৰম সিধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

শিক্ষকজনৰ এই শোকাৱহ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে সকলোকে।

যি সময়ত অসম চৰকাৰে শিক্ষা বিভাগৰ উন্নতিৰ ঢাক-ঢোল বজাই আছে তেনে সময়তে বিনা বেতনে শিক্ষকতা কৰি শিক্ষক দিৱসৰ দিনাই আত্মহত্যা কৰা ঘটনা নিশ্চয়কৈ দুৰ্ভাগ্যজনক।

Leave a Comment