হেণ্ডকাফসহ আদালত চৌহদৰ পৰাই পলাল আচামী, আৰক্ষীৰ হাহাকাৰ…

হেণ্ডকাফসহ আদালত চৌহদৰ পৰাই পলাল আচামী, আৰক্ষীৰ হাহাকাৰ…

September 5, 2022 Off By NEWS DESK

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল আচামী।

এইবাৰ তিতাবৰৰ ন্যায়িক আদালতৰ চৌহদৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিলে এটা আচামীয়ে।

পলায়ন কৰা আচামীটো গোলাঘাট জিলাৰ উষা গৰঙাৰ কিৰণ নায়ক(22)।

শনিবাৰে নিশা তিতাবৰ নগৰৰ এখন দোকানত মোবাইল চুৰি কৰোতে স্থানীয় লোকে হাতে-লোটে আটক কৰি তিতাবৰৰ আৰক্ষীক গতাই দিছিল।

চোৰটোক দেওবাৰে তিতাবৰ ন্যায়িক আদালতত হাজিৰ কৰাবলৈ নিয়া অৱস্থাত আৰক্ষীৰ চকুত ধূলি দি আদালত চৌহদৰ পৰা পলায়ন কৰে।

পলাতক আচামী কিৰণ নায়কক পুনৰ আটক কৰাৰ বাবে তিতাবৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷

আৰক্ষীৰ জিম্মাৰ পৰা আচামী পলায়নৰ ঘটনাই তিতাবৰত ব্যাপক চাঞ্চল্যই সৃষ্টি কৰিছে।