চাঞ্চল্যকৰ! মাতৃৰ চিকিৎসা চলি থকা সময়তে হাস্পতালৰ পৰা অন্তৰ্ধান দুটি শিশু, বিক্ৰীৰ অভিযোগ…

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

মাতৃৰ চিকিৎসা চলি থকা সময়তে হাস্পতালৰ পৰা অন্তৰ্ধান দুটি শিশু।

জানিব পৰা মতে, চিকিৎসালয়খনত ভৰ্তি হৈ আছিল মাতৃ কৰুণা। অগ্নিদগ্ধ হৈ শল্য চিকিৎসা বিভাগত চলি আছিল মাতৃৰ চিকিৎসা।

কিন্তু ৰহস্যজনকভাৱে চিকিৎসালয়খনৰ পৰা সন্ধানহীন হৈ পৰে মহিলাগৰাকীৰ দুই সন্তান।

ইয়াৰ মাজতে সোমবাৰে নিশা চিকিৎসালয়খনত অতি দুৰ্ভাগ্যজনকভাৱে মৃত্যু আকোৱালি লয় মহিলাগৰাকীয়ে।

ইয়াৰ পিছতে মহিলাগৰাকীৰ দুই সন্তানক বিচাৰি হাহাকাৰ লাগিছে চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত।

বৰ্তমানলৈকে মহিলাগৰাকীৰ মৃতদেহ চমজি ল’বলৈ অহা নাই পৰিয়ালৰ লোক।

ইপিনে এটি কণমানিক ৮ হাজাৰ টকাত বিক্ৰী কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নাৰ্ছে।

কাষতে চিকিৎসাধীন হৈ থকা আন এজন ৰোগীয়ে শিশুটিক বিক্ৰী কৰাৰ অভিযোগ তুলিছে নাৰ্ছগৰাকীয়ে।

এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।

Leave a Comment