মৰ্মান্তিক! পুখুৰীত মাছ ধৰিবলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি

মৰ্মান্তিক! পুখুৰীত মাছ ধৰিবলৈ গৈ ভাতৃ-ভগ্নীৰ সলিল সমাধি

September 6, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ঘৰৰ পিছফালৰ পুখুৰীত বৰশী বাই থাকোতেই পিছলি পৰি দুটি শিশুৰ কৰুণ মৃত্যু।

মঙলবাৰে দুপৰীয়া নগাঁৱৰ কৃষ্ণাইখাটত সংঘটিত হৈছে এক কৰুণ ঘটনা।

জানিব পৰামতে, কৃষ্ণাইখাটৰ স্থায়ী বাসিন্দা প্ৰদীপ বৰাৰ দুই সন্তান ক্ৰমে হিমাংশু বৰা (৬) আৰু ভূমিকা বৰা (১০) নামৰ দুই শিশুৱে বাৰিৰ পিছফালে থকা এটা পুখুৰীত বৰশী বাই আছিল।

পুখুৰীটোত বৰশী বাই থকা অৱস্থাতে পিছল খাই পুখুৰীত পৰে, ফলত দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে।

উল্লেখ্য যে মৃত ভূমিকা বৰা পঞ্চম শ্ৰেণীত অধ্যয়নৰত আছিল।

এই শোকাৱহ ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।