
অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ, বিস্ফােৰক সামগ্ৰী উদ্ধাৰ
September 7, 2022নিউজ ডেস্ক। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ মিছামাৰীৰ অসম-অৰুণাচল সীমান্তত সেনা-আৰক্ষীৰ অভিযান।
অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰৰকসহ মাৰণাস্ত্ৰ।
সেনা-আৰক্ষীয়ে এই অভিযানত অসম-অৰুণাচল সীমান্তৱৰ্তী জিৰ’পইণ্টৰ পৰা জব্দ কৰে এই সামগ্ৰীসমূহ।
জানিব পৰা মতে, অভিযানত পিষ্টল, হস্ত নিৰ্মিত বন্দুক, বিস্ফােৰক সামগ্ৰী উদ্ধাৰ কৰে যদিও প্ৰকৃততে এইসমূহ নিষিদ্ধ সামগ্ৰীৰ সৈতে কােন জড়িত হৈ আছে, সেইটাে উদঘাটনৰ বাবে প্ৰচেষ্টা চলাইছে সেনা-আৰক্ষীয়ে।