কােচ ৰাজ্যৰ পিছত এইবাৰ পৃথক ‘ৰাভা স্বায়ত্ত্বশাসিত ৰাজ্য’ৰ দাবী ৰাভা সংগঠনৰ

নিউজ ডেস্ক। অবিভক্ত গােৱালপাৰা জিলা আৰু পশ্চিম বংগৰ ৬ খন জিলাক সামৰি কেন্দ্ৰীয় চৰকাৰে পৃথক কােচ ৰাজ্য গঠনৰ বাবে প্ৰস্তুতি চলােৱা বুলি প্ৰচাৰিত বাতৰিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতে এইবাৰ পৃথক ৰাভা স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী উত্থাপন কৰিছে ৰাভা সংগঠনে।

কামৰূপ জিলাৰ ৰাণীৰ পৰা গােৱালপৰা জিলাৰ জয়ৰামকুচিলৈ ব্ৰহ্মপুত্ৰনৈৰ দক্ষিণ পাৰত থকা ৰাভা জনবসতিপূৰ্ণ এলেকাক লৈ ৰাভা স্বায়ত্ত্ব শাসিত ৰাজ্য গঠনৰ দাবী তুলিছে ৰাভা জাতীয় যুৱ পৰিষদ নামৰ সংগঠনটােৱে।

আগন্তুক সময়ত ৰাভা জাতীয় যুৱ পৰিষদে ৰাভা স্বায়ত্ত্বশাসিত ৰাজ্য গঠনৰ দাবীত অধিক সক্ৰিয় হৈ পৰিব বুলিও সংগঠনটােৰ নেতৃবৃন্দই প্ৰকাশ কৰিছে।

FacebookTwitterTelegramWhatsAppCopy LinkLinkedInShare

Leave a Comment