মৰ্মান্তিক! তীব্ৰবেগী যাত্ৰীবাহী আল্ট্ৰা বাছৰ খুন্দাত নিহত এজন

নিউজ ডেস্ক। কামৰূপ জিলাৰ বকাে থানাৰ এলেকাধীন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দ্ৰুতবেগী যাত্ৰীবাহী আল্ট্ৰা বাছৰ খুন্দাত নিহত এজন লোক।

নিহত লোকজনৰ নাম অমৃত ৰাভা, ঘৰ বকোৰ খেনাপাৰা।

বকোৰ আগছিয়াত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে AS01M C8674।

জানিব পৰা মতে, ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল যাত্ৰীবাহী আল্ট্ৰা বাছখন।

ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Leave a Comment