দুচকীয়া বাহনৰ শ্ব’ৰূম সদৃশ হৈ পৰিছে ৰাজ্যৰ এইখন থানা!

দুচকীয়া বাহনৰ শ্ব’ৰূম সদৃশ হৈ পৰিছে ৰাজ্যৰ এইখন থানা!

September 8, 2022 Off By NEWS DESK

নিউজ ডেস্ক। আৰক্ষী থানা নহয়, যেন বাইকৰ শ্ব’ৰূম! বিভিন্ন কােম্পানীৰ বাইকৰ দীঘলীয়া শাৰী চাবলৈ থানাখনত ভিৰ কৰিছে বিভিন্ন জনে।

এই বিশেষ থানাখৰ হৈছে ধেমাজি আৰক্ষী থানা।

আপোনাৰ যদি মৰমৰ বাইকখন চুৰি হৈছে বা হেৰাই গৈছে, তেনেহ’লে আপুনি ধেমাজি সদৰ থানালৈ আহিব পাৰে।

ৰয়েল এনফিল্ড, হিৰ’হোন্দা, স্কুটী আদি বিবিধ দুচকীয়া বাইকৰ শাৰীৰ মাজত হয়তাে আপুনিও বিচাৰি পাব পাৰে আপােনাৰ হেৰুওৱা দুচকীয়া বাহনখন।

উল্লেখ্য যে বিগত এসপ্তাহত ধেমাজি আৰক্ষীয়ে ২৮খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ ওৰফে প্ৰাঞ্জল বৰা নামৰ বাইক চােৰটােৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিতৌ জব্দ কৰা হৈছে চুৰি দুচকীয়া বাহন।

উল্লেখ্য যে, ধেমাজিৰ ভাড়াঘৰত থাকি প্রাঞ্জল বৰমুদৈয়ে দুই সতীৰ্থ ধেমাজিৰ বটুৱামুখৰ ভৱেশ কাৰ্টং আৰু ধেমাজিৰ ৰাজীৱ বুঢ়াগোহাঁইৰ সহযোগত দীর্ঘদিনে চলাই গৈছিল বাইক চুৰিৰ বিশাল নেটৱৰ্ক।