শোকাৱহ! মালবাহী ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু…

শোকাৱহ! মালবাহী ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু…

September 9, 2022 Off By NEWS DESK

এক শোকাৱহ ঘটনা।

পুনৰ ৰে’লৰ খুন্দাত বন্যহস্তীয়ে হেৰুৱালে প্ৰাণ।

লংকাত ৰে’লৰ খুন্দাত এটা হাতীৰ কৰুণ মৃত্যু হৈছে।

হাৱাইপুৰ গোসাঁইগাঁওত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই দুর্ঘটনা।

ৰে’ল বিভাগৰ হেমাহিত হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে বন বিভাগে।

উল্লেখ্য যে, বন বিভাগৰ টহলদাৰী দলে টৰ্চ জ্বলাই ৰে’ল চালকক সংকেট দিয়াৰ পিছতো চালকে ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰা নাছিল বুলিও অভিযোগ তুলিছে বন বিভাগে।

উল্লেখ্য যে, উক্ত অঞ্চলটোত ২০১৮ চনত এখন উজনিমুৱা ৰে’লৰ খুন্দাত একেলগে ৫টাকৈ হাতীৰ মৃত্যু হৈছিল।

সেইসময়ত বনমন্ত্ৰীগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰে’ল বিভাগৰ লগত আলোচনা কৰি বিভাগীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্তব্য প্ৰদান কৰিছিল।

কিন্তু সেইয়া আজি পৰ্যন্ত কাৰ্যত হৈ নুঠাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।