অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীৰ অভিযানত জব্দ ১১০৮ কিলোগ্ৰাম গাঞ্জা, এজনক আটক…

অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীৰ অভিযানত জব্দ ১১০৮ কিলোগ্ৰাম গাঞ্জা, এজনক আটক…

September 10, 2022 Off By NEWS DESK

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নিৰন্তৰভাৱে চলি আছে অসম আৰক্ষীৰ অভিযান।

শুকুৰবাৰে নিশা অসম-ত্ৰিপুৰা সীমান্তৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰে অসম আৰক্ষীয়ে।

সীমান্তত নিয়মীয়া পৰীক্ষণৰ সময়ত কৰিমগঞ্জ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা প্ৰায় ১১০৮ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।

ইফালে, সৰবৰাহত জড়িত থকাৰ বাবে ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

এন ডি পি এছ আইনৰ অধীনত ট্ৰাকখনৰ চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

টুইটাৰত কৰিমগঞ্জ আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰাৰ লগতে আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলি মন্তব্য কৰে।