
আৰক্ষীৰ বৃহৎ সফলতা! ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা ৮.৬ কুইণ্টল গাঞ্জা জব্দ, তিনিজনক আটক
September 10, 2022ড্ৰাগছ তথা নিচাজাতীয় সাংগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।
এইবাৰ বোকাজানত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।
ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা অৱস্থাত ৮.৬ কুইণ্টল গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
লগতে তিনি সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত।
ধৃত লোক তিনিজন হৈছে- ফিল্টাৰ কলিতা, দীপক মহাতো আৰু ৰাহুল তামাংক।
তিনিও সৰবৰাহকাৰী কাৰ্বি আংলঙৰ বৰপথাৰৰ বুলি জানিব পৰা গৈছে।

মণিপুৰৰ পৰা অহা NL02 D 7837 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে ৮০ পেকেট গাঞ্জা।
এক গোপন সূত্ৰৰ ভিত্তিত নিশা ২ বজাত খটখটি নাকা তালাচিত জব্দ কৰা হয় গাঞ্জাখিনি।
গাঞ্জাৰ লগতে ৩টা চাবোনৰ বাকচত ৪০ গ্ৰাম ড্ৰাগছো জব্দ কৰে আৰক্ষীয়ে।
জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য ১ কোটি টকা বুলি জানিব পৰা গৈছে।