
বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ সন্ধানহীন এটি সন্তানৰ পিতৃ, পৰিয়ালত হাহাকাৰ…
September 10, 2022বহিৰাজ্যত সন্ধানহীন টিংখাঙৰ এটি সন্তানৰ পিতৃ।
কৰ্মসংস্থাপনৰ সন্ধানত হায়দৰাবাদলৈ গৈছিল যুৱকজন।
সন্ধানহীন যুৱকজন মিথুন গগৈ বুলি জানিব পৰা গৈছে।
জানিব পৰামতে যোৱা ৩ তাৰিখে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ গৈ ৬ তাৰিখে হায়দৰাবাদ পোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত হায়দৰাবাদ আৰক্ষী আৰু স্থানীয় আৰক্ষীক খবৰ কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।