
আৰক্ষীৰ তালাচীত জব্দ ১ কোটি ৩০ লাখ টকাৰ সোণৰ বিস্কুট, দুজনক আটক…
September 11, 2022বোকাজানৰ ডিলাইত ১ কোটি ৩০ লাখ টকাৰ সোণ জব্দ।
ডিলাই আৰক্ষীৰ নাকা তালাচীত জব্দ ১৪ খন সোণৰ বিস্কুট।
পিন্ধি থকা জোতাৰ মাজত লুকুৱাই আনিছিল এই সোণখিনি।
মণিপুৰৰ পৰা অহা MN 03 0403 নম্বৰৰ এখন বাছত আনিছিল এই সোণখিনি।
জব্দকৃত সোণখিনিৰ ওজন ২ কেজি ৩২৩ গ্ৰাম।
দুই সৰবৰাহকাৰী মহম্মদ মহিম আৰু মহম্মদ মাছাৰুদ্দিনক আটক কৰিছে ডিলাই আৰক্ষীয়ে।
দুয়োৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।