এইবাৰ আৰক্ষীৰ জালত পৰিল ভুৱা বন বিষয়া, জব্দ চুৰি দুচকীয়া বাহন

এইবাৰ আৰক্ষীৰ জালত পৰিল ভুৱা বন বিষয়া, জব্দ চুৰি দুচকীয়া বাহন

September 11, 2022 Off By NEWS DESK

নিউজ ডেস্ক। নিজকে বন বিভাগৰ বিষয়া বুলি পৰিচয় দি বিভিন্নজনক ধনদাবী কৰা বহিঃৰাজ্যৰ ৩ যুৱকক আটক।

ধুবুৰী আৰক্ষীৰ অভিযানত নম্বৰবিহীন বাইকসহ আটক এই ৩ ভুৱা বন বিষয়া।

আটকাধীন ভুৱা বন বিষয়াকেইগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশত।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, উত্তৰ প্ৰদেশৰ ভুৱা পৰিচয়েৰে বিভিন্ন অসামাজিক কাম-কাজৰ সৈতে জড়িত হৈ পৰিছিল এই তিনিজন লোক।

ধুবুৰী বন বিষয়াৰ অৱাসৰ কাৰ্যালয়ৰ সন্মুখত সন্দেহজন অৱস্থাত ঘূৰি থাকোতেই আৰক্ষীয়ে যুৱকজনৰ লগতে আন দুজন ব্যক্তিক আটক কৰে।

আটকাধীন লোককেইজন উত্তৰ প্ৰদেশৰ আজৱ সিং, দক্ষিণ শালমাৰাৰ আখিৰ হুছেইন আৰু হানিফ মিঞা।

আজৱ সিঙৰ পৰা ভুৱা বন বিষয়াৰ পৰিচয়পত্ৰ আৰু নেপালৰ টকা জব্দ কৰা হৈছে।