ক’ভিড ভেকচিন লৈ অসুস্থ শিক্ষাৰ্থী, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি…

ক’ভিড ভেকচিন লৈ অসুস্থ শিক্ষাৰ্থী, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি…

September 11, 2022 Off By NEWS DESK

এক চাঞ্চল্যকৰ ঘটনা।

ক’ভিড ভেকচিন লৈ অসুস্থ কেইবাগৰাকীও শিক্ষাৰ্থী।

কৰিমগঞ্জত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

৭ গৰাকী শিক্ষাৰ্থীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

অসুস্থ শিক্ষাৰ্থীকেইগৰাকীক ততাতৈয়াকৈ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ভেকচিন লৈ অসুস্থ হৈছিল প্ৰায় মুঠ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী।

কৰিমগঞ্জৰ এখন বেচৰকাৰী বিদ্যালয়ত দিয়া হৈছিল ভেকচিন।