সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু গােপালৰ

সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু গােপালৰ

September 11, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ঠিকাদাৰৰ অধীনত বিদ্যুৎ মেৰামতিৰ কাম কৰিবলৈ গৈ প্ৰাণ গ’ল এজন অসমীয়া যুৱকৰ।

তেজপুৰ স্থিত সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছএছবিৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

এজন যুৱকৰ এনে অকাল মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়াল তথা স্থানীয় লােকে।

জানিব পৰামতে, দিগন্ত সেন গুপ্ত নামৰ এজন ঠিকাদাৰৰ নিৰ্দেশনত এই কাৰ্যালয়ত বিদ্যুতৰ মেৰামতিৰ কাম কৰিবলৈ গৈছিল তেপজপুৰ লালমাটিৰ গোপাল শইকীয়া নামৰ যুৱকজন।

কিন্তু বিদ্যুৎস্পৃষ্ট হৈ যুৱকজনৰ মৃত্যুৰ পিছতেই কােনাে সন্ধান নাই ঠিকাদাৰ দিগন্ত সেন গুপ্তৰ।

ইপিনে, পৰিয়ালৰ লােকে এই ঘটনাক পৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে।

পৰিয়ালৰ লােকে এই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে।