কামৰ সন্ধানত বহিঃৰাজ্যলৈ বুলি যাত্ৰা কৰা জিতেন বৰা সন্ধানহীন

নিউজ ডেস্ক। পুনৰ কৰ্ম সংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ বুলি যাত্ৰা কৰা ধেমাজিৰ এজন লোক সন্ধানহীন।

সন্ধানহীন ব্যক্তিজন ধেমাজি জিলাৰ ন-দলনি গাঁৱৰ জিতেন বৰা।

জানিব পৰামতে, জিতেন বৰা নামৰ লোকজনে কৰ্মৰ সন্ধানত কেৰেলালৈ বুলি গৈ থাকোতে জাগীৰডৰ পৰা সন্ধানহীন হয়।

১০ ছেপ্তেম্বৰত নিজৰ বাসগৃহৰ পৰা গাঁৱৰে কেইজনমান লোকৰ সৈতে কৰ্মৰ সন্ধানত কেৰেলালৈ ওলাই গৈছিল জিতেন বৰা।

ৰে’লেৰে যাত্ৰা কৰি থকা সময়তে জীতেন বৰা অসুস্থ হৈ পৰাত পৰিয়ালৰ সৈতে যোগাযোগ কৰি অসুস্থ অৱস্থাত কেৰেলা গৈ নাপাব বুলি জাগীৰোড ৰে’ল ষ্টেচনত নমাই দিয়াৰে পৰা সন্ধানহীন হৈ আছে বৰা।

পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও কোনো খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই জীতেন বৰাৰ।

এই ঘটনাকলৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লােক।

Leave a Comment