
মৰ্মান্তিক! স্কুললৈ যােৱাৰ পথত ডিআই বাহনে মহটিয়াই নিলে ছাত্ৰ, থিতাতে মৃত্যু
September 12, 2022নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা।
স্কুললৈ যােৱাৰ পথত শাক-পাচলি কঢ়িওৱা ডিআই বাহনৰ চেপাত প্ৰাণ গ’ল এটি কণমানি শিশুৰ।
জানিব পৰা মতে, নগাঁও জিলাৰ ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
ভুল দিশেৰে অহা শাক-পাচলি ভৰ্তি ট্ৰাকে মহতিয়াই নিলে স্কুলীয়া ছাত্ৰ হাফিজুৰ ৰহমানক।
মৃত হাফিজুৰ ৰহমান সমীপৱৰ্তী গুটিগাঁও এমই স্কুলৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা ডিআই বাহনখনৰ পঞ্জীয়ন নং AS01AC4013।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনৰ চালক।