শোকাৱহ ! সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ নিখোজ হ’ল কিশোৰ

শোকাৱহ ! সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ নিখোজ হ’ল কিশোৰ

September 12, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ নৈৰ বুকুত সলিল সমাধি ঘটিল কিশােৰৰ।

দেওবাৰে ধনশিৰীৰ অসম নাগালেণ্ড সীমান্তৰ দৈয়াং নদীত গা ধুবলৈ গৈ নৈত ডুব গ’ল এজন কিশোৰ।

জানিব পৰা মতে, উৰিয়ামঘাটৰ ২নং চিলনীজানৰ নিবাসী সোনেশ্বৰ গগৈৰ একমাত্ৰ পুত্ৰ তৰুণ গগৈয়ে (১৮) তেওঁৰ লগৰ ল’ৰাৰ লগত দৈয়াং নদীত গা ধুবলৈ বুলি গৈছিল।

কিন্তু নদীৰ প্ৰৱল সোঁতে তৰুণক তললৈ ডুবাই নিয়ে।

ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কিশোৰ জনৰ কোনো অনুসন্ধান লাভ কৰিবলৈ সক্ষম হােৱা নাই।