পুনৰ ঘোচ কাণ্ড! উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ পঞ্চায়তৰ সচিব সুজিত ঠাকুৰীয়া…

পুনৰ ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী।

এইবাৰ দৰং জিলাৰ ধূলা গাঁও পঞ্চায়ত কাৰ্যালয়ত চলিল অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এজন ঠিকাদাৰৰ পৰা ঘােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত সচিব তথা সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া।

জানিব পৰা মতে, ঠিকাদাৰৰ পৰা বিলৰ ধন মুকলি কৰাৰ অজুহাতত অবৈধ ভাৱে দাবী কৰা ধন লওঁতে হাতে লোটে গ্ৰেপ্তাৰ হয় ধূলা গাঁও পঞ্চায়তৰ সচিব সুজিত ঠাকুৰীয়া।

ভুক্তভােগী ঠিকাদাৰজনে এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল কৰাৰ পিছতে বুধবাৰে এই অভিযান চলে।

এই অভিযান সন্দৰ্ভত টুইট কৰে দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।

Leave a Comment