ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ছুইফ্ট বাহনে খুন্দিয়ালে পথৰ দাঁতিৰ গছত, নিহত এজন…

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ছুইফ্ট বাহনে খুন্দিয়ালে পথৰ দাঁতিৰ গছত, নিহত এজন…

September 14, 2022 Off By NEWS DESK

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ছুইফ্ট ডিজেয়াৰ বাহনে খুন্দিয়ালে পথৰ দাঁতিৰ গছত।

বকোৰ শিংৰাৰ সমীপৰ শালনীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে এজন লোক।

আনহাতে গুৰুতৰভাৱে আহত হৈছে এগৰাকী যুৱতী।

নিহত যুৱকজন তৰুণ ৰাজবংশী বুলি জানিব পৰা গৈছে।

ঘৰ ছয়গাঁৱৰ চৌধুৰীখাট নেপালী পাৰাত।

আনহাতে, আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ নাম গৰিমা ৰাভা। ঘৰ বকোৰ খেনাপাৰাত ঘৰ যুৱতীগৰাকীৰ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৰিমা ৰাভাক GMCHলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাত পতিত হোৱা ছুইফটখনৰ নম্বৰ AS01 FA 7018।