ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে চাইকেল আৰোহীক, কৰুণ মৃত্যু…

ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে চাইকেল আৰোহীক, কৰুণ মৃত্যু…

September 15, 2022 Off By NEWS DESK

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে।

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

এ এছ ১৩ এ চি ১৮৭৭ নম্বৰৰ বালিভর্তি ডাম্পাৰখনৰ খুন্দাত শালমাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী কামাখ্যা শৰ্মাৰ মৃত্যু হয়।

বেজেৰাৰ পৰা দোকানৰ সামগ্ৰী কঢ়িয়াই চাইকেলেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়াই কামাখ্যা শৰ্মাক।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰৰ চালকে।

পলায়ন কৰা ডাম্পাৰৰ চালকক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে বেজেৰা আৰু শালমাৰা চকৰ ব্যৱসায়ীসকলে।

উল্লেখ্য যে পত্নী, এটা কন্যা সন্তানৰ পিতৃ কামাখ্যা শৰ্মা শালমাৰা চ’কৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী।

দুৰ্ঘটনা পতিত হোৱাৰ পিছতে সংকটজনক অৱস্থাত কামাখ্যা শৰ্মাক ততালিকে ভৰ্তি কৰা হয় বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত।

পিছত উন্নত চিকিৎসাৰ বাবে আমিনগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ইতিমধ্যে কামাখ্যা শৰ্মাৰ মৃত্যু হোৱাৰ কথা ঘোষণা কৰে চিকিৎসকে।