
শোকাৱহ! নিজৰ ই-ৰিক্সা চাৰ্জ দিওঁতে বেটাৰীৰ বিসংগতিৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু…
September 15, 2022এক শোকাৱহ ঘটনা।
নিজৰ ই-ৰিক্সা চাৰ্জ দিওঁতে বেটাৰীৰ বিসংগতিৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু।
গোলাঘাট তৰফাটত ৰাতিপুৱাই সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা।
নিজৰ ই-ৰিক্সা চাৰ্জ দিবলৈ গৈ বেটাৰীৰ বিসংগতিৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় মহম্মদ আৰছেদ আলী নামৰ এজন লোকৰ।
মৃত আৰছেদ আলীৰ বয়স ৬২ বছৰ বুলি জানিব পৰা গৈছে।
এই ঘটনাটোৱে সমগ্ৰ অঞ্চজুৰি শোকৰ ছাঁ পেলাইছে।