
নামনি সোৱণশিৰি প্ৰকল্পত অঘটন, ক্ষতিগ্ৰস্ত ২ নং টানেলৰ ওপৰৰ অংশ…
September 16, 2022নামনি সোৱণশিৰি প্ৰকল্পত পুনৰ অঘটন।
হঠাৎ খহি পৰিল পাহাৰৰ মাটি। পাহাৰৰ মাটি খহি পৰাৰ ফলত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ।
খহি পৰিল ভিউ পইণ্টলৈ যোৱা একাংশ, ক্ষতিগ্ৰস্ত ২ নং টানেলৰ ওপৰৰ অংশ।
দুই নম্বৰ টানেলৰ ওপৰৰ পথ ভাঙি সোমাই গ’ল টানেলত।
মূল বান্ধ নিৰ্মাণৰ বাবে এই টানেলেৰে বান্ধত পানীভাগ বোৱাই দিয়া হয়৷
বান্ধৰ সুৰক্ষাৰ ক্ষেত্রত সৃষ্টি হৈছে তীব্র ভাবুকিৰ।