মৰ্মান্তিক! বজ্ৰপাতত প্ৰাণ গ’ল পিতৃৰ, পিতৃহাৰা হ’ল দুই কণমানি

মৰ্মান্তিক! বজ্ৰপাতত প্ৰাণ গ’ল পিতৃৰ, পিতৃহাৰা হ’ল দুই কণমানি

September 16, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

নিমিষতে চৰম দুৰ্যােগ নামিল আহিল এটি দৰিদ্ৰ পৰিয়াললৈ।

পথাৰত ঘাঁহ কাটিবলৈ গৈ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ এলেকাধীন বৰাজোল পাণবাৰীত বজ্ৰপাতত প্ৰাণ গ’ল এজনৰ লােকৰ।

মৃত লোকজন স্থানীয় বাসিন্দা ধৰণী কলিতা বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, ধৰণী কলিতাই পথাৰত ঘাঁহ কাটি থকা সময়তে বজ্ৰপাত পৰাত লোকজন ঠাইতে ঢলি পৰে।

পিছত স্থানীয় লোকে ধৰণী কলিতাক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰাত GMCHতে মৃত্যু ঘটে।

ধৰণী কলিতাৰ মৃত্যুত সমগ্ৰ বৰাজল অঞ্চলত শোকৰ ছাঁ পৰে।

মৃত্যুৰ সময়ত লোকজনে দুটি কণমানি সন্তানসহ পত্নী, বৃদ্ধা মাতৃক ইহসংসাৰত এৰি থৈ যায়।