সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ অসমৰ যুৱক

নিউজ ডেস্ক। পেটৰ ক্ষুধা নিবাৰণৰ বাবে কৰ্ম সংস্থাপন বিচাৰি ওলাইগৈছিল বহিঃৰাজ্য কেৰেলালৈ।

কিন্তু ইয়াৰ পিছতে বিগত ২১টা দিনে সন্ধান নাই অসমৰ যুৱকজনৰ।

নিৰুদ্দিষ্ট যুৱকজন নগাঁও জিলাৰ ধিঙৰ কটহগুৰি গাঁৱৰ জাকিৰ হুছেইনৰ পুত্ৰ শ্বহীদুল ইছলাম।

জানিব পৰামতে, ২১আগষ্টত কৰ্মৰ সন্ধানত ঘৰৰ পৰা গৈছিল কেৰেলালৈ।

কেৰেলালৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

২৫ আগষ্ট তাৰিখে শেষ বাৰৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল শ্বহীদুল ইছলাম নামৰ যুৱকজনৰ।

২৫ আগষ্টত ফোন যোগে পৰিয়ালক টকা বিচৰাত ২ হাজাৰ টকা দিয়াৰ পিছৰে পৰা কোনো শুংসূত্ৰ নাই শ্বহীদুলৰ।

পৰিয়ালৰ লোকৰ অভিযোগ, যি নম্বৰত টকা পঠিয়াইছিল সেই নম্বৰটো টকা পঠিওৱাৰ পিছৰে পৰা কাটি দিয়ে।

যুৱকজনৰ কোনো সম্ভেদ পালে পৰিয়াল তথা স্থানীয় আৰক্ষী থানাত খবৰ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

যোগাযোগ নম্বৰ হ’ল 75768-49902 আৰু 89218-80845।

Leave a Comment