ব্যক্তিগত বাহনৰ পৰা জব্দ ১৮ টাকৈ ছাগলী, ধৃত ৩ চােৰাং সৰবৰাহকাৰী

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ মৰাণত সংঘটিত হৈছে এক আজব ঘটনা।

চাৰিচকীয়া ব্যক্তিগত বাহনৰ পৰা জব্দ ১৮ টাকৈ ছাগলী।

এই ঘটনাৰ লগত জড়িত ৩টা গভাইত চোৰক গ্ৰেপ্তাৰ মৰাণ আৰক্ষীৰ।

জানিব পৰা মতে, যোৰহাটৰ দিশৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা AS04 E 2007 নম্বৰৰ চেন্ট্ৰ’ বাহনত অবৈধভাৱে সৰবৰাহ কৰা হৈছিল ১৮টাকৈ ছাগলী।

তেনে সময়তে মৰাণ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে পলাই যাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে খেদি খেদি আটক কৰে বাহনসহ এই ছাগলী চোৰকেইটাক।

সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা মৰাণ আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহত ছাগলী চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

Leave a Comment