ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাক আৰু ই-ৰিক্সাৰ সংঘৰ্ষত থিতাতে নিহত এগৰাকী ই-ৰিক্সা চলক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাক আৰু ই-ৰিক্সাৰ সংঘৰ্ষত থিতাতে নিহত এগৰাকী ই-ৰিক্সা চলক।

কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ কচুগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা।

নিহত ই-ৰিক্সাচলকজন কচুগাঁৱৰ বালাৰ দং গাঁৱৰ বাৰ্থুল মাৰ্ডি বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, গোঁসাইগাঁৱৰ পৰা চেৰফাংগুৰি অভিমুখে গৈ থাকোতে এখন ট্ৰাকে খুন্দা মাৰে ই-ৰিক্সাখনত।

দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলাই যায় যদিও চেৰফাংগুৰিত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীত কচুগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যোৱা ১৫-২০ বছৰে ৰাষ্ট্ৰীয় ঘাইপথটি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত আৰু দলং সমূহ অৰ্ধনিৰ্মিত হৈ থকাত সেই স্থানত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

দুৰ্ঘটনাটোৰ পিছতে ই-ৰিক্সা চালক সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Comment