অসম আৰক্ষীৰ জালত ১৭ জনকৈ বাংলাদেশী নাগৰিক

অসম আৰক্ষীৰ জালত ১৭ জনকৈ বাংলাদেশী নাগৰিক

September 17, 2022 Off By NEWS DESK

পুনৰ অসম আৰক্ষীৰ জালত পৰিছে ১৭ জনকৈ বাংলাদেশী নাগৰিক।

বিশ্বনাথত আৰক্ষীয়ে আটক কৰিছে ১৭জন বাংলাদেশী নাগৰিকক।

জিনজীয়া আৰক্ষীয়ে আটক কৰিছে বাংলাদেশী কেইটাক।

জিনজীয়া আৰক্ষীয়ে অভিযান চলায় বাঘমাৰীৰ ব্রহ্মপুত্রৰ চৰৰ পৰা আটক কৰিছে বাংলাদেশী কেইজনক।

বাংলাদেশীৰ দলটোৱে দিল্লী, আজমেৰ শ্বৰিফ আদি ধৰ্মীয় স্থানলৈও গৈছিল বুলি জানিব পৰা গৈছে।

লগতে বিভিন্ন ঠাইত ধৰ্মীয় সভা পতাৰ অভিযোগ বাংলাদেশীকেইটাৰ বিৰুদ্ধে।

কোচবিহাৰ হৈ ভাৰতত প্রৱেশ কৰিছিল দলটোৱে।

১৩ ছেপ্টেম্বৰৰ পৰা বিশ্বনাথত বাহৰ পাতি আছিল দলটোৱে।

টুৰিষ্ট ভিছাত আহিছিল ভাৰতলৈ। টুৰিষ্ট ভিছাত ধৰ্ম প্ৰচাৰ কৰাৰ নাই অনুমতি।

ইতিমধ্যে আৰক্ষীয়ে জেৰা চলাই আছে বাংলাদেশীৰ দলটোক।