
চাঞ্চল্যকৰ! দুই কণমানি সন্তানসহ সন্ধানহীন এগৰাকী মাতৃ, পৰিয়ালত হাহাকাৰ…
September 17, 2022এক চাঞ্চল্যকৰ ঘটনা।
দুই কণমানি সন্তানসহ সন্ধানহীন এগৰাকী মাতৃ।
গুৱাহাটীৰ মাতৃৰ গৃহৰ পৰা স্ব-গৃহলৈ উভতি যোৱাৰ পথত সন্ধানহীন দুই সন্তানসহ মাতৃ।
বিশ্বনাথৰ বৰকুৰা গাঁৱত সংঘটিত হৈছে এই ঘটনাটো।
সন্ধানহীন মহিলাগৰাকী বিশ্বনাথৰ বালিচাং অঞ্চলৰ অঞ্জলী চাৱাসী।
আনহাতে মাতৃৰ সৈতে সন্ধানহীন হোৱা দুই শিশু ক্ৰমে ইউৰো চাৱাসী (কন্যা) আৰু নিহাল চাৱাসী (পুত্ৰ)।
জানিব পৰামতে, মহিলাগৰাকীয়ে দুই সন্তান লগত লৈ গুৱাহাটীৰ মান্দাকাটাৰ মাতৃ গৃহলৈ বুলি ওলাই আহিছিল।
যোৱা ৭ আগষ্ট তাৰিখে মাতৃ গৃহৰ পৰা নিজ গৃহ বিশ্বনাথলৈ উভতি আহিছিল অঞ্জলী চাৱাসীয়ে।
পিছত নিজ গৃহলৈ নগৈ বিশ্বনাথৰ বৰকুৰা গাঁৱৰ এটি সম্পৰ্কীয়ৰ ঘৰত থকা বুলি মহিলাগৰাকীয়ে ফোনযোগে অৱগত কৰে পৰিয়ালক।
কিন্তু বিগত দুদিন ধৰি মহিলাগৰাকীৰ সৈতে সন্ধানহীন হৈ আছে দুই কণমানি সন্তান।
পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিব বিচৰাত ম’বাইল ছুইচ অফ হৈ থকা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে বিশ্বনাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, সন্ধানহীন মহিলাগৰাকীৰ কিছুদিন পূৰ্বে স্বামীৰ মৃত্যু হৈছিল।
সন্ধানহীন হৈ থকা মহিলাসহ দুই সন্তানৰ কিবা সম্ভেদ পালে বিশ্বনাথ আৰক্ষী থানা নাইবা স্থানীয় আৰক্ষী থানাত খবৰ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।