অসমতো পহিলা নৱেম্বৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা…

অসমতো আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা।

দেশৰ জনগণক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ অহা পহিলা নৱেম্বৰত অসমৰো ধুবুৰীৰ পৰা আৰম্ভ হ’ব।

অসমত ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰা সমাপ্ত হ’ব শদিয়াত।

গুৱাহাটীত সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।

ধুবুৰীৰ পৰা শদিয়ালৈ প্ৰায় ৮০০ কিলোমিটাৰ এই দীঘলীয়া যাত্ৰাত অংশগ্ৰহণকাৰীসকলে প্ৰত্যেক দিনাই ১৫ কিলোমিটাৰ পথ খোজকাঢ়ি আগবাঢ়ি যাব।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই ভাৰত জোড়ো যাত্ৰাত কোনাধৰণৰ ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ থকা নাই বুলি স্পষ্ট কৰি দিয়ে।

অৱশ্যে বিজেপি দল-চৰকাৰৰ অন্যায়, দুর্নীতি, গণতন্ত্ৰবিৰোধী, সংবিধানবিৰোধী নীতিৰ বিৰোধিতা কৰি দেশৰ ইতিহাসৰ সৰ্ববৃহৎ পদযাত্ৰা কাৰ্যসূচী লোৱা হৈছে বুলি সংবাদমেলত মন্তব্য কৰে।

সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰাকীয়ে কয় যে ১ নৱেম্বৰত অসমত আৰম্ভ হ’বলগীয়া ভাৰত জোড়ো যাত্ৰা উদ্বোধনৰ সময়ত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী উপস্থিত থাকিব নোৱাৰিব। ইতিমধ্যে যোৱা ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জেড়ো যাত্ৰাত অংশগ্রহণ কৰি থকাৰ বাবে ৰাহুল গান্ধীয়ে অসমলৈ আহিব নোৱাৰিব।

ইয়াৰ পৰিৱৰ্তে ভাৰত জোৰো যাত্ৰাৰ সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ দিগ্বিজয় সিং, নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ অন্যান্য শীর্ষ নেতাৰ লগতে নিজেও উপস্থিত থাকিব বুলি জয়ৰাম ৰমেশে কয়।

উল্লেখ্য যে সর্বমুঠ ৩৫৭০ কিলোমিটাৰ সাঙুৰি আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ অন্তিম সমাৰোহ ২০২৩ চনৰ জানুৱাৰী মাহত ৰাজস্থানত অনুষ্ঠিত হ’ব।

বিজেপিৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, গণতন্ত্ৰীৰোধী, সংবিধানবিৰোধী কামৰ বিপৰীতে তপস্যাৰ যোগেদি দেশবাসীক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে ভাৰত জোড়ো অন্দোলন অব্যাহত থাকিব বুলি কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কয়।

তেওঁ লগতে কয় যে কন্যাকুমাৰীৰ পৰা আৰম্ভ হেৱা এই ভাৰত জোড়ো যাত্ৰাত ৩০ শতাংশ মহিলাই অংশগ্ৰহণ কৰিছে। এই যাত্রাই দেশৰ ৰাজনীতিৰ এক নির্ণায়ক মুহূৰ্ত্ত বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশে লগতে কয় যে ইয়াৰ জৰিয়তে কংগ্ৰেছ দলৰো স্থিতি শক্তিশালী হ’ব। শক্তিশালী কংগ্ৰেছ দল অবিহনে শক্তিশালী বিৰোধী অসম্ভৱ।

সংবাদমেলত ভাৰত জোড়ো সমন্বয়ৰক্ষী সমিতি আহ্বায়ক দিগ্বিজয় সিং, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইবীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, উপ-দলপতি ৰকিবুল হুছেইনো উপস্থিত থাকে।

Leave a Comment